"মোৰ বাবে সুখী হৈ চোৱা তুমি"

"মোৰ বাবে সুখী হৈ চোৱা তুমি"
তোমাক ভালপাইছিলো মই
এখন আকাশৰ দৰে....
তোমাক ওচৰত পোৱা হেপাহ
এখন নদিৰ গভীৰতাৰ দৰে,
তথাপিটো তুমি বুজি নাপালা মোক
বতাহত উৰি যোৱা ছাইৰ দৰে
উৰুৱাই দিলা মোৰ মৰমবোৰক....
এৰা
নাযাবাই নো কিয়....?
মই যে শূন্য,
বিষন্ন আজি মোৰ কলিজা,
আঘোণৰ অকলশৰীয়া পথাৰৰ দৰে...
এতিয়া কুঁৱলিৰ আবৰন চকুখুলি
তোমাক চাব খোজো
জানোবা তুমি মোক লৈ সুখী হোৱা....|
আকৌ কিজানি মোৰ বুকুত মুখ গুজি দিয়া ..|
....
Assamese Poetry : Aakor

Comments